চিৰাং জিলাৰ বিজনীত দেওবাৰে বিজনীৰ পানবাৰীত বন বিভাগৰ অভিযানৰ সময়ত গঁড়ৰ খৰ্গ, হৰিণাৰ শিঙ, পিষ্টল আদি আপত্তিজনক সামগ্ৰীসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।
বন বিভাগে গোপন খবৰৰ ভিত্তিত চিৰাং জিলাৰ অন্তৰ্গত বিজনীৰ পানবাৰীৰ বগীদ্বাৰা নিবাসী ছফিউৰ ৰহমান (৫৫)ৰ ঘৰত অভিযান চলাই সামগ্ৰীসমূহ উদ্ধাৰ কৰে।
শনিবাৰে নিশা পানবাৰী বন ৰেঞ্জ কার্যালয় আৰু চি আৰ পি এফৰ বন জোৱানৰ যৌথ অভিযানত ছফিউৰ ৰহমানৰ ঘৰৰ পৰা জব্দ কৰা হয় আপত্তিজনক সামগ্ৰীখিনি৷
এই বিষয়টোৰ সৈতে আৰু কোনো ধৰণৰ সম্পৰ্ক আছে সেইটো নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে সামগ্ৰীসমূহ উদ্ধাৰৰ ক্ষেত্ৰত অধিক তদন্ত অব্যাহত ৰাখিছে।
