বিজনীত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ প্ৰমোদ বড়োৰ

67

চিৰাঙৰ বিজনী বিধানসভা সমষ্টিৰ বড়োলাউগাঁৱত খেলপথাৰত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। বিজনী বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে প্ৰচাৰ তুংগত তুলিছে। বিজনী সমষ্টিৰ বড়োলাউগাঁৱত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।

সাংবাদিকৰ আগত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো বিপিএফ দলক সমালোচনা কৰি কয় যে বিগত ১৫ বছৰে বিজনী সমষ্টিত বিপিএফ দলৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে একো উন্নয়নমূলক কাম কৰিব পৰা নাই বুলি মন্তব্য দিয়ে৷ এইবাৰ বিজনী বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়ো বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য দি কয় এইবাৰ বিটিচিত ইউপিপিএল দলে ১০ খন আসন জয়ী হ’ব বুলি দাবী কৰে।