বিগত ৮ মাহত ৩,১৮৬ বাৰ যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাৰ গুলীবৰ্ষণ

60

ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমান্তত উত্তেজনাময় পৰিৱেশ অব্যাহত থকাৰ চেগতে ভাৰত-পাক সীমান্তত বাৰাম্বাৰ যুদ্ধ বিৰতি উলংঘন কৰি আহিছে পাকিস্তানে। বিগত ৮ মাহত অৰ্থাৎ ১ জানুৱাৰীৰ পৰা ৭ ছেপ্তেম্বৰ পৰ্যন্ত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ৩,১৮৬ বাৰ যুদ্ধ বিৰতি উলংঘন কৰি পাকিস্তান সেনাই গুলীবৰ্ষণ কৰিছে। উল্লেখ যে, বিগত ১৭ বছৰৰ ভিতৰত চলিত বৰ্ষতেই সৰ্বাধিক যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে। ইফালে যুদ্ধ বিৰতি উলংঘনৰ উপৰিও জম্মু ক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় সীমান্তত ২৪২ বাৰ ক্ৰছ বৰ্ডাৰ ফায়াৰিঙৰ ঘটনা সংঘটিত হৈছে। এই তথ্য ৰাজ্যসভাত সদৰি কৰিছে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়কে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত লগতে এয়াও কয় যে প্ৰতিবাৰেই পাকিস্তান সেনাক যুদ্ধ বিৰতি উলংঘনৰ সময়ত উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। ইয়াৰোপৰি ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়টো পাক সেনাপ্ৰধানক অৱগত কৰাই ইয়াৰ বিৰোধিতা কৰা হৈছে। উল্লেখ্য যে, ২০২০ বৰ্ষত যুদ্ধ বিৰতি উলংঘা কৰি পাক সেনাই চলোৱা গুলীবৰ্ষণত ৮ গৰাকী ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে দুগৰাকী জোৱান আহত হৈছে। ইফালে শুকুৰবাৰে সন্ধিয়াও পাক সেনাই জম্মু-কাশ্মীৰৰ গুৰজে অঞ্চলত ভাৰতলৈ লক্ষ্য কৰি চলোৱা গুলীবৰ্ষণত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা এখন গাঁৱৰ এগৰাকী মহিলা আহত হয়।