বিগত ২৪ ঘণ্টাত দেশত কোৰোনাৰ ফলত পুনৰ ৫১৮ জনৰ মৃত্যু

82

ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৪১,১৫৭ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ইফালে এই সময়ছোৱাত দেশত কোভিডৰ ফলত মৃত্যুক আঁকোৱালি ল’বলগা হৈছে ৫১৮ জনে।

স্বাস্থ্য বিভাগৰ মতে, শনিবাৰৰ দিনটোত ভাৰতত ৪২,০০৪ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। তাৰ পিছতে দেশত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৩ কোটি ০২ লাখ ৬৯ হাজাৰ ৭৯৬জনলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে ৪,২২,৬৬০ জন ৰোগীৰ চিকিৎসা চলি আছে।