বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

476

যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক। বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙে শেহতীয়াকৈ ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিৰ সভাপতি নির্বাচিত হোৱাৰ দিনাই নিজৰ জোতা টেবুলত থৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে সাক্ষী মালিকে৷ তেতিয়াই সাক্ষীক বাৰাণসীৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইণ্ডিয়া এলায়েন্সে প্ৰস্তাৱ দিছিল আৰু তেওঁ সেই কথাত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

চলিত মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ কোনোবা এজনক থিয় কৰাবলৈ প্ৰস্তাৱ আগবঢ়ায়। সেই সময়ত মমতাই মোডীৰ বিৰুদ্ধে নাৰী মুখ এখন আগবঢ়াই অনাৰ কথাও কৈছিল। সেই প্ৰস্তাৱ মানি লৈ সেই সময়ৰ পৰাই ইণ্ডিয়া মিত্ৰতাৰ ভিতৰতে চিন্তা চৰ্চা আৰম্ভ হৈছিল।

সাক্ষীক বাছনি কৰাৰ কাৰণ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ এগৰাকী নেতাই কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা বিধেয়কখন সংসদত গৃহীত কৰি সমগ্ৰ দেশতে প্ৰচাৰ কৰিছিল। মহিলাৰ বাবে বিজেপি কিমান দয়ালু সেই কথা তেওঁ আৰু তেওঁৰ দলটোৱে সদায় উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰে। কিন্তু দেশৰ জনসাধাৰণে জনাটো প্ৰয়োজন যে প্ৰকৃত ছবিখন কি। মহিলা মল্লযুঁজাৰুৰ দ্বাৰা বাৰে বাৰে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো মোডী চৰকাৰে বিজেপি সাংসদ ব্রিজভূষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ইয়াৰ প্ৰতিবাদত মল্লযুঁজাৰুসকলে পদ্মশ্ৰীৰ পৰা আৰম্ভ কৰি খেলৰত্ন, অৰ্জুনলৈকে মোডী চৰকাৰে দিয়া সকলো পদক ঘূৰাই দিছে। ইয়াতকৈ বেয়া দিন কি হ’ব পাৰে? যদি সাক্ষী ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হয় তেন্তে এই কথা মানুহৰ বাবে অধিক স্পষ্ট হৈ পৰিব।”

ইফালে, আজি ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূলৰ দাবী, ৩১ ডিচেম্বৰৰ ভিতৰত আসন ভাগ-বতৰা সম্পূৰ্ণ হ’ব লাগে। ইয়াত সমাজবাদী পাৰ্টিয়ে ঘোষণা কৰিছে যে তেওঁলোকে উত্তৰ প্ৰদেশৰ তৃণমূল কংগ্ৰেছৰ বাবে এখন আসন এৰি দিব। অৱশ্যে কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত চুক্তি কৰা নাই তৃণমূলে। সূত্ৰ অনুসৰি বংগত কংগ্ৰেছে দুখন আসন হেৰুৱাব পাৰে বুলি বাৰ্তা ১৯ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ দিনা কংগ্ৰেছক দিয়া হৈছিল। খবৰ অনুসৰি কংগ্ৰেছে যদি অধিক আসনৰ দাবী কৰে তেন্তে অসম আৰু মেঘালয়ৰ তৃণমূলক এখনকৈ আসন এৰি দিব লাগিব। সেই বিষয়ত কংগ্ৰেছে কি কৰে তাৰ ওপৰত চকু ৰাখিছে তৃণমূলে। আনহাতে, কংগ্ৰেছৰ সূত্ৰৰ মতে, বংগত কংগ্ৰেছৰ সৈতে তৃণমূলৰ আসন ভাগ-বতৰা সন্দৰ্ভত ছোনিয়া গান্ধীয়ে নিজেই মমতাৰ সৈতে ফোনযোগে কথা পাতিব পাৰে।