বাসগৃহ বিক্রীৰ ওপৰত প্রপটাইগাৰ ডট কম-ৰ ৰিপোৰ্ট

100

ক্ৰেতাৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰৰ দ্বাৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইয়াৰ ফলাফলবোৰে বাসগৃহ বিক্ৰীত ১২% বৃদ্ধি দেখুৱায়। প্ৰপটাইগাৰ ডট কমৰ (এটা অনলাইন সম্পত্তি ব্রোকাৰেজ প্ৰতিষ্ঠান) ৰিপোৰ্ট অনুসৰি আঠখন ৰেসিডেনচিয়াল মার্কেটেত ২০২০ চনৰ অক্টোবৰ-ডিচেম্বৰ মাহৰ তুলনাত ২০২১-ৰ জানুৱাৰী-মাৰ্চ মাহত ১২% ত্ৰৈমাসিক বৃদ্ধি দেখা গৈছে ইছে।

প্ৰতিবেদনটোত দেখুৱাইছে যে, নিৰ্মাতাসকলে ২০২১ চনৰ জানুৱাৰী-মাৰ্চ তিনিমাহত প্ৰাথমিক বজাৰত মুঠ ৬৬,১৭৬ টা ঘৰ বিক্ৰী কৰিছিল যিটো ২০২০-ৰ জানুৱাৰী-মাৰ্চ মাহৰ তুলনাত ৫% কম । আনফালে যোগানৰ দিশত, তিনি মাহৰ সময়ছোৱাত সমগ্ৰ ভাৰতত মুঠ ৫৩,০৩৭ টা ইউনিট মুকলি কৰা হৈছিল যি ২০২০-ৰ অন্তিম তিনিমাহৰ তুলনাত ২% হ্ৰাস দেখুৱায়।

হাউজিং ডট কম, মাকান ডট কম আৰু প্রপটাইগার ডট কম গ্ৰুপ চিইঅ শ্ৰীধ্ৰুৱ আগৰৱালাই কয়, অৰ্থনীতি ক্ৰমান্বয়ে পুনৰুদ্ধাৰৰ দিশে আগবাঢ়ি আহিছে। আৰু ইয়াৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে দেশৰ ৰেসিডেনচিয়াল মার্কেটেত ৰিয়েল ইষ্টেট বজাৰেও এক ইতিবাচক গতি দেখিছে।