বাল্য বিবাহৰ গোচৰত এতিয়ালৈকে গ্ৰেপ্তাৰ ২,৬৬৬ জনকঃ জনালে মুখ্যমন্ত্ৰীয়ে…

138

ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহ বিৰোধী অভিযান।

এই পৰ্যন্ত ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ২,৬৬৬ জনক।

বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰেপ্তাৰৰ সংখ্যা সন্দৰ্ভত অৱগত কৰে।

তেওঁ লিখিছে, “বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ দমন অভিযান অব্যাহত আছে আৰু এতিয়ালৈকে ২৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।”

ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।