বান সাহায্য হৰলুকি ৷ লাবদাংগুৰী আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত

327

বান সাহায্য হৰলুকি ৷ লাবদাংগুৰী আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত

কিছুদিন পূৰ্বে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ ৩ নং বাৰাপেটাত বন্যাৰ্তৰ বাবে আবন্টিত খাদ্য সামগ্ৰী হৰলুকিৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাত ইতিমধ্যে তিনি অভিযুক্তক মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ সৈতে জড়িত আনোৱাৰ হুছেইন নামৰ আন এগৰাকী অভিযুক্তক গোচৰ নং 90/22 ধাৰা 379/411/420/34 IPCত গ্ৰেপ্তাৰ কৰি আজি লাবদাংগুৰী আৰক্ষীয়ে মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে উক্ত ঘটনাত বৰ্তমানলৈকে ৪ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷