‘ষ্টাফৰিপৰ্টাৰ, ৰাজ্যৰ বনপীড়িতৰ জীৱন ৰক্ষা হেতুকে ফিনলেক্স, হিন্দুজা ফাউণ্ডেচন , মুকুল মাধৱ ফাউণ্ডেচন আৰু বিশ্ব হিন্দু পৰিষদৰ সহযোগিতাৰে বান সাহায্য ২৪ জুলাইত বিতৰণ কৰা হয় ।বৰপেটা জিলাৰ বিভিন্ন শিবিৰত থকা কেতেকীবাৰী, চৰাবাৰী,আমগুৰি, পাঠশালা বজালী,সাদেৰী,কলগুৰী,অকয়া,আমদহ,কাহাৰা পাৰা,পূব কাহাৰা পাৰা, সত্ৰ বৰলাপুৰ,সত্ৰ বৰলা,পশ্চিম নিজ বৰলা,আমদহ পূব,গহীন পাৰা,জানপাৰ,ডুমুৰীয়া আদি গাওঁৰ সহস্ৰাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ।আনহাতে ২৫ জুলাইত মৰিগাঁও জিলাৰ বুৰগাওঁ,দুৱনি,মানিপুৰ,চেৰাপাৰা,দীঘলবৰী,ধুমতলা,জেঞ্জাৰবড়ী,ধুপগুড়ী,বিহাৰি বস্তী,চতিয়ামতলী,চিনাহেৰুৱা,সোমাই পাৰা আদি গাওঁৰ ১০০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।মৰিগাঁওৰ বিতৰণ ব্যৱস্থাত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সম্পাদক শপল্লৱ পৰাশৰ আৰু উত্তৰ পূব প্ৰান্তৰ সহকাৰী সম্পাদক বিধান চন্দ্ৰ দেবৰায় উপস্থিতি থাকে।তদুপৰি বৰপেটা জিলাৰ কাৰ্য্যক্ৰমত বিশ্ব হিন্দু পৰিষদৰ জিলাৰ কাৰ্য্যকৰ্তাগণ আৰু মৰিগাঁও জিলাৰ কাৰ্য্যক্ৰমত মৰিগাঁও জিলাৰ কাৰ্য্যকৰ্তাগকাৰ্য্যকৰ্তাগণে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ।
