বান-গড়াখহনীয়া সমস্যাৰ সমাধান আৰু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাজ্যজুৰি “প্ৰতাৰণা বিৰোধী দিৱস” পালন কংগ্ৰেছৰ

158

ষ্টাফৰিপৰ্টাৰ,বান-গড়াখহনীয়া সমস্যাৰ সমাধান আৰু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সোমবাৰে সমগ্ৰ অসমতে “প্ৰতাৰণা বিৰোধী দিৱস” পালন কৰে। ৰাজ্যৰ মুঠ ২৭২ খন ব্লক কংগ্ৰেছ কমিটীয়ে নিজ নিজ কাৰ্যালয়ৰ সমীপত আৰু ৰাজহুৱা স্থানত প্লেকাৰ্ড, বেনাৰ আদি লৈ ধৰ্ণা প্ৰদৰ্শন কৰে আৰু বিজেপিয়ে বান,গৰাখহনীয়া সমস্যাৰ সমাধান আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ প্ৰতিলিপি দাহ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘ অসমৰ বান সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া যিসমূহ ভুৱা প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে দাহ কৰিছে,সেইসমূহ হৈছে-
অসমত হোৱা প্ৰলয়ংকৰী বানপানীৰ খবৰ ল’বলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ ১ আগষ্টত গুৱাহাটীত অসম চৰকাৰৰ কেবিনেট আৰু উচ্চ পদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি ঘোষণা কৰিছিল যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়ক্ষতিৰ বাবে ২৩৫০ কোটি টকা,
অসমৰ বাবে তৎকালীনভাৱে ২৫০ কোটি টকা,
ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ কোটি টকা আৰু
ব্ৰহ্মপুত্ৰ অববাহিকাৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা আগবঢ়াব। এই প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। সেইদৰেই ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ১ লাখ কোটি টকা বিনিয়োগ কৰি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতিও কাৰ্যকৰী নহ’ল। তদুপৰি,২০১৪ চনৰ বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতিসমূহো বিজেপিয়ে পালন নকৰিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণৰ বাবে ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত সেয়াও প্ৰহসনত পৰিণত হ’ল। নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱ পাতি এই দুয়ো নদীৰ বান নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতিসমূহো অসাৰ প্ৰতিপন্ন হ’ল। উল্লেখ্য যে ২০১৭ চনত অসমত হোৱা প্ৰলয়ংকাৰী বানপানীৰ খবৰ ল’বলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ ১ আগষ্টত যিহেতু গুৱাহাটীত অসম চৰকাৰৰ কেবিনেট আৰু উচ্চ পদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বানপানীৰ সমস্যা আৰু ক্ষয়ক্ষতিৰ বাবে কিছু পেকেজ ঘোষণা কৰি গৈছিল আৰু পৰৱৰ্তী সময়ত সেই পেকেজৰ এটকাও অসম চৰকাৰলৈ মুকলি কৰি নিদিলে আৰু অসমৰ বিজেপি চৰকাৰেও কেন্দ্ৰৰ পৰা সেই টকা মোকলাই আনিব নোৱাৰিলে,সেয়ে কেন্দ্ৰই দিয়া প্ৰতিশ্ৰুতি এনেদৰে পালন নকৰাৰ প্ৰতিবাদত চলিত মাহৰ পহিলা আগষ্টতে “প্ৰতাৰণা বিৰোধী দিৱস” পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল যদিও লকডাউনৰ বাবে দুদিন পলমকৈ সোমবাৰে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমগ্ৰ অসমতে এই কাৰ্যসূচী সফলভাৱে আৰু ব্যাপকভাৱেই ৰূপায়ন কৰাৰ বাবে কংগ্ৰেছ নেতা-কৰ্মী তথা দলটোৰ শুভাকাংক্ষীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসৰ লগতে অন্যান্য কর্মী, সদস্য সকলে অংশগ্ৰহণ কৰে।