বান আহিল আৰু গ’ল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে । আন কোনোৱে আকৌ ওখ স্থানত আশ্ৰয় লৈছে । এক অভাৱনীয় পৰিস্থিতিৰ মাজতে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্তই । শিশু, বৃদ্ধ, মহিলাসকলৰ মাজত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ লাগিছে । উদ্ধাৰ অভিযানৰ বাবে উপস্থিত নহল কামৰূপ প্ৰশাসন আৰু বাক্সা প্ৰশাসন । কলৰ ভুৰ বান্ধি বিপদ সংকুল যাতায়ত কৰিছে বানাক্ৰান্তই । বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ১২ দিন পিছতো খবৰ লবলৈ আহৰি নহল জনপ্ৰতিনিধিৰ । এই বানত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । মুল পথৰ ওপৰত একোকাল পানী । যাতায়ত বন্ধ হৈ পৰিছে । ওখ স্থান বিচাৰি হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ । পানীৰ ওপৰতে জীৱ জন্তৰ লগত সহাৱস্থান কৰিব লগা হৈছে জনসাধাৰণে । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত ।
Latest article
জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাললৈ ‘দশকটোৰ ব্যৱসায়িক নেতা’ সন্মান
জেএছডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক জেএছডব্লিউ গ্ৰুপক এক গোলকীয় প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰিৱৰ্তনশীল নেতৃত্বৰ স্বীকৃতিস্বৰূপে পঞ্চদশ এআইএমএ মেনেজিং ইণ্ডিয়া বঁটা প্ৰদান অনুষ্ঠানত...
টাটা এআইএ লাইফে মুকলি কৰিলে মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স পেঞ্চন ফাণ্ড
অৱসৰৰ পৰিকল্পনা এতিয়া কেৱল নিষ্ঠাৰে আপোনাৰ ধন সঞ্চয় কৰাতে সীমাৱদ্ধ নহয়- এয়া হৈছে নতুন প্ৰজন্মৰ আশা-আকাংক্ষা বজাই ৰখাৰ বাবে বুদ্ধিমত্তাৰে বিনিয়োগ কৰা। আজিৰ সময়ত...
এডভাণ্টেজ অসম ২.০ত অংশগ্ৰহণ কৰিব টাটা পাৱাৰৰ চিইঅ’ তথা এমডি ড° প্ৰবীৰ সিনহাই
দেশৰ শক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা পাৱাৰে ২৫–২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভাণ্টেজ অসম ২.০ত চিইঅ’ তথা এমডি ড০ প্ৰবীৰ সিনহাই অংশগ্ৰহণ কৰাৰ কথা সদৰি...