বানপীড়িতৰ সাহাৰ্য্য আৰু সংস্থাপন খৰতকীয়া কৰিবলৈ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

91

ষ্টাফৰিপৰ্টাৰ, বিগত বৰ্ষত ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সাৰ্হাৰ্য্যৰূপে কেইবাটাও ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আজি এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো মন্ত্ৰী শৰ্মাই সেইসময়ত ঘোষণা কৰা মৰ্মে শিৱিৰত থকা লোকক দৈনিক ছশগ্ৰাম চাউলৰ লগতে নগদ ষাঠি টকা, কৃষি তেত্ৰিশ শতাংশ নষ্ট হ’লে ছয় হাজাৰ আঠশ টকা, গৰু বা মহ মৃত্যু হ’লে ত্ৰিশ হাজাৰ টকা, নদীৰ সূঁতিত নষ্ট হোৱা প্ৰতি হেক্টৰ খেতিৰ বাবে সাতত্ৰিশ পাচঁশ টকা, বানত শৰীৰৰ চল্লিছৰ পৰা ষাঠি শতাংশ ক্ষতি হ’লে উন্নাষাঠি হাজাৰ এশ টকাকৈ ক্ষতিপূৰণ ৰাজ্যৰ অধিক সংখ্যক বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আদায় নাপালে । চৰকাৰৰ অমনোযোগিতা তথা ৰাজহ আৰু দূৰ্য্যোগ ব্যৱস্থাপনা বিভাগে সঠিক সময়ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই মন্ত্ৰীৰ এনে ঘোষণা আজি পৰ্য্যন্ত কাৰ্য্যকৰি নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস আৰু সাধাৰণ সম্পাদক কমলাকান্ত দাসে সংবাদ মাধ্যমৰ আগত কয় ‘বৰ্তমান সময়ত ৰাজ্যৰ পশ্চিশ খন জিলাৰ প্ৰায় বাইশ লাখ বাইশ হাজাৰ দুশ পঞ্চাশ জন লোক চলিত বৰ্ষৰ তিনিটাকৈ প্ৰলয়ংকাৰী বানপানীৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে। তাৰোপৰি, প্ৰায় এশতকৈ অধিক লোক মৃত্যু মুখত পৰিছে। তিনিশতকৈ অধিক পশুধনৰ মৃত্যু ঘটিছে। আনহাতে, প্ৰায় পয়ত্ৰিশ হাজাৰ হেক্টৰ কৃষি ভূমি পানীৰ তলত এতিয়ালৈকে ডুব গৈছে। গতিকে এই বানপানীত ক্ষতিগ্ৰস্ত লোক সকলক ৰাজ্য চৰকাৰে শীঘ্ৰেই সাহাৰ্য্য আৰু সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ নেতাদ্বয়ে দাবী উত্থাপন কৰিছে। নেতাদ্বয়ে লগতে কয় ‘মুখ্যমন্ত্ৰী অথবা চৰকাৰৰ মন্ত্ৰী আমোলা সকলে বানপানীৰ দিনকেইটা কেৱল বানাক্ৰান্ত অঞ্চল সমূহ পৰিভ্ৰমণ কৰি ফুৰিলেই নহ’ব। প্ৰকৃত ক্ষতিগ্ৰস্ত লোক সকলক সাহাৰ্য্য আৰু সংস্থাপনৰ ব্যৱস্থা তৰাম্বিত কৰিলেহে ৰাইজ উপকৃত হ’ব’।