বানত বিধ্বস্ত দলগাৱঁত পথ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ

187

দৰং জিলাৰ দলগাওঁ সমষ্টিৰ শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ আৰু ৩নং কছাৰীভেটিটুপ গাঁও দুখনৰ‌ বিস্তৰ ক্ষতি সাধন কৰে বানপানীয়ে । উল্লেখ্য যে R K jain নামৰ ঠিকাদাৰ এজনে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নামমাত্ৰ পথ নিৰ্মাণৰ কাম সমাপ্ত কৰাৰ বাবে সামান্য পানীতেই চিঙি যায় গড়কাপ্তানী বিভাগৰ পথটো । যাৰ পৰিনতিত গাঁও দুখনৰ বহু ঘৰ বাৰী, ৰাস্তা-ঘাট লগতে কৃষকৰ খেতি বাতিৰ বিস্তৰ ক্ষতি হয় । ইফালে পথটো ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে গাঁও দুখনৰ ৰাইজ। একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ বাবেই বানপানীয়ে বিধ্বস্ত কৰা দলগাৱঁৰ ২ আৰু ৩নং কছাৰীভেটিটুপ গাঁৱৰ ভাঙি-চিঙি নিয়া পথচোৱা অতি শীঘ্ৰেই মেৰামতি কৰাৰ দাবী জনায় স্থানীয় ৰাইজে ।