বানত ছিঙিল চেঙা- গণকপাৰা সংযোগী পথ

157

বানত ছিঙিল চেঙা- গণকপাৰা সংযোগী পথ ।
ভূটানে এৰি দিয়া বাঢ়নী পানীৰ ফলত বৰপেটা জিলাৰ বিভিন্ন ৰাজহ গাঁও বানপানীয়ে বুৰাই পেলাইছে। জিলাখনৰ কেইবাটাও ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁও বানপানীৰ কবলত পৰিছে। ভূটানৰ পানীয়ে চেঙা ৰাজহ চক্ৰত প্ৰলয়ৰ সৃষ্টি কৰিছে। শুকুৰবাৰে মাজনিশা বাঢ়নী পানীৰ প্ৰবল সোঁতত চেঙা- গণকপাৰা সংযোগী পথত থকা কালভাৰ্ট এটি উটি যায়। কালভাৰ্টটো উটি যোৱাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। আনহাতে কালভাৰ্টটোৰ কাষতে থকা শিৱ মন্দিৰটোলৈও আহিছে ভাবুকি। কোন মুহূৰ্তত শিৱ মন্দিৰটো বানত উটি যায় তাৰ কোনো নিশ্চয়তা নাই।স্থানীয় ৰাইজে শিৱ মন্দিৰটো ৰক্ষা কৰিবলৈ ছিঙি যোৱা পথছোৱাত গছ-গছনি পেলাই আছে। ইতিমধ্যেই ঘটনাস্থলীত চেঙা ৰাজহ চক্ৰৰ নৱ নিযুক্ত চক্ৰ বিষয়া ৰিমা কৌশিক আৰু প্ৰশাসনৰ কিছু লোক উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসনৰ স’তে যোগাযোগ কৰি শিৱ মন্দিৰটো ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনলৈ আহ্বান জনাইছে।