কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৬, ৭ আৰু ৮ মে’ত অনুষ্ঠিত হবলগীয়া শিৱসাগৰ কেন্দ্ৰীয় বিহু সন্মিলনখনি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহু পৰিচালনা সমিতিয়ে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা বিহু সন্মিলনখনি বাতিল কৰাৰ সিদ্ধান্তৰ বিষয়ে জনাই পৰিচালনা সমিতিয়ে কয় যে সমগ্ৰ দেশৰ লগতে অসমত ভয়াবহ ৰূপ ধাৰণ কৰা কোৰোনাৰ সন্ত্ৰাসৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, শিৱসাগৰৰ এই কেন্দ্ৰীয় বিহু সন্মিলনখনিৰ সাংস্কৃতিক সন্ধিয়াত এইবাৰ উপস্থিত থকাৰ কথা আছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ।
