বিধানসভাত ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
বাজেটত শিক্ষাৰ্থী সকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা।
উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ লাভ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটাৰষ
স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলে বছৰি লাভ কৰিব ১০ হাজাৰ টকাকৈ।
ছাত্ৰীৰ যাতায়ত আৰু খোৱা-লোৱাৰ বাবে প্ৰদান কৰা হ’ব এই ধন।
প্ৰজ্ঞান ভাৰতীৰ আচঁনিৰ জৰিয়তে স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষাৰ্থীসকলৰ প্ৰতিমাহে হোষ্টেল মাচুল ২০০০টকা ৰেহাইৰ প্ৰস্তাৱ।
দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নামভৰ্তি মাচুল ৰেহাই অব্যাহত থকাৰ লগতে বিটিআৰত ১০ মহাবিদ্যালয় প্ৰাদেশিকৰণৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ।