বাঘজানৰ- ৫ নং খাদৰ বিস্ফোৰণৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত এ আই টি ইউ ৰ প্ৰতিবাদ

71

ষ্টাফৰিপৰ্টাৰ, ১৭ জুন : বাঘজানৰ- ৫ নং খাদৰ বিস্ফোৰণৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বুধবাৰে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ, অসম ৰাজ্যিক কমিটিয়ে (এ আই টি ইউ) গুৱাহাটীৰ ক্লাব ৰটাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ কাৰী সকলে দুলিয়াজানৰ অইল ইণ্ডিয়া “বাঘজানৰ ৫ নং খাদৰ তেল গেছ নিৰ্গমনৰ দুৰ্ঘটনা’ অইল ইণ্ডিয়াৰ গাফিলতি, অকৰ্মণ্যতা আৰু দুৰ্নীতিৰ কর্মফল বুলি অভিযোগ উত্থাপন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ অসম ৰাজ্যিক কমিটিৰ সভাপতি মুনিন মহন্তই কয় “বাঘজানৰ উদ্ধাস্ত প্ৰতিটো পৰিয়ালক প্ৰথম কিস্তিত ৩০ লাখ টকা নিম্নতম আৰু সম্পূৰ্ণ ক্ষয় ক্ষতিৰ হিচাপ কৰি অতি শীঘ্ৰে চূড়ান্ত কৰি ঘৰলৈ উভতি যোৱাৰ বাস্তৱ পৰিস্থিতি গঢ়ি তোলাৰ দায়িত্ব অইলে বহন কৰক। দিহিং পাটকাই বৰ্ষাৰণ্যৰ ক্ষতি, পুনৰ নিৰ্মাণৰ ব্যৱস্থা অইলেই কৰিব লাগিব। লগতে অইল আৰু অ’ এন জি চি ৰ সকলো তৈল পথাৰ বহিৰাগত কোম্পানীক ঠিকা দিয়া, তৈল পথাৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা বন্ধ কৰক, আমাৰ অইল, অ’ এন জি চি ৰ নিষ্ঠাবান, কৰ্মপটু ইঞ্জিনীয়াৰ আদিৰ জৰিয়তে নিজাকৈ নিষ্কাষণ, উদঘাটনৰ কাম কৰাক। এই সকলো দুৰ্নীতি তদাৰক কৰাৰ বাবে চি বি আইৰ জৰিয়তে তন্ন তন্নকৈ তদন্ত কৰি দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰ দাবী জনালোঁ।”