বাক্সাৰ মুছলপুৰত মন্ত্ৰী ইউ জি ব্ৰহ্মৰ আজমলক গৰিহনা
মুখ্যমন্ত্ৰী সম্পৰ্কত তীৰ্জক মন্তব্য কৰা এ আই ইউ ডি এফৰ সভাপতি বদৰউদ্দিন আজমল গৰিহনাৰ যোগ্য । বাল্য বিবাহ সমৰ্থনত আজমলে দিয়া মন্তব্য লজ্জাজনক ।
বাক্সা জিলাৰ মুছলপুৰত কৃষি বিভাগৰ সজুলি বিতৰন অনুস্থানত উপস্থিত থাকি এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই ।
এ আই ইউ ডি এফৰ সভাপতি বদৰউদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ ওপৰত যি মন্তব্য কৰিছে সেয়া দুৰ্ভাগ্য জনক বুলি উল্লেখ কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই । তেও লগতে ইছলাম ধৰ্মীয় লোকে বাল্য বিবাহ কৰাৰ সমৰ্থনত দিয়া মন্তব্য আজিৰ সভ্য সমাজৰ কাৰনে লজ্জাজনক বুলি কয় মন্ত্ৰী গৰাকীয়ে । আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত জিলা কৃষি বিভাগে দুটা ফাৰ্মাৰ গ্ৰুপৰ মাজত দুখন ধান কটা আৰু মৰণা (Combain Harvester Mechine ) , ৭০ গৰাকী মৌ পালকলৈ মৌ বাহ বিতৰন কৰে । অনুস্থানত জিলা কৃষি বিষয়া দুলাল দাস, জিলা অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ , সংলগ্ন ৰাজহ চক্ৰ বিষয়া মনোজ দলেকে ধৰি কেবাগৰাকী জিলা শীৰ্ষ বিষয়া উপস্থিত থাকে ।