বাক্সাৰ বাঁহবাৰীত দিনৰ পোহৰতে দুৰ্বৃত্তই লুটি লৈ গ’ল ৪ লক্ষাধিক টকা

107

বাক্সা জিলাৰ বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিছাস্থিত এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই পিষ্টল দেখুৱাই ৪ লক্ষাধিক টকা লুটি লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, গ্ৰাহক সেৱা কেন্দ্ৰটোত নাজিৰ হুছেইন নামৰ যুৱকজনে আন দুজন গ্ৰাহকৰ সৈতে বহি আছিল। তেনেটে দুখন পালচাৰ বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই নাজিৰ হুছেইনৰ লগতে আন দুজন গ্ৰাহকক আক্ৰমণ কৰি গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা ৪ লাখ টকা লুটি লৈ যায়।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত উপস্থিত ৰাইজৰ সহযোগত আৰক্ষীয়ে এজন ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন দুজন পলায়ন কৰে। কিন্তু দুবৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা পালছাৰ বাইক দুখন ঘটনাস্থলীৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ধৃত ডকাইতজন বাঁহবাৰী আৰক্ষী চকীত থকাৰ বিপৰীতে পলায়ন কৰা সদস্য দুজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই আছে৷