বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিঞা কোভিড পজিটিভ

87

কোৰোনাত আক্ৰান্ত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেত্ৰী খালেদা জিঞা। সামান্য জ্বৰ-কাঁহত ভুগি থকা খালেদা জিঞাৰ স্বাস্থ্য পৰীক্ষাৰ পিছতে তেওঁৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে। বৰ্তমান হোম কোৱাৰেণ্টাইন হৈ থকা নেত্ৰীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমে। উল্লেখ্য যে, বাংলাদেশত ভয়াবহ ৰূপত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰখনত।