যাত্ৰীবাহী জাহাজত হঠাৎ দাউ দাউকৈ জ্বলি উঠিল জুই। যাৰ ফলত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ৩৬ গৰাকী যাত্ৰীয়ে।
এই শোকাবহ দুৰ্ঘটনা শুকুৰবাৰে সংঘটিত হয় বাংলাদেশত। ৰাজধানী ঢাকাৰ পৰা ২৫০ কিলোমিটাৰ দূৰত ঝালকোটি জিলাৰ সুগন্ধা নদীত এখন যাত্ৰীবাহী জাহাজৰ ইঞ্জিনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩৬ জন লোক নিহত হয়। এই অগ্নিকাণ্ডত আহত হৈছে দুই শতাধিক লোক।
স্থানীয় আৰক্ষীয়ে নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰিছে। বৰ্তমানো ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নদীৰ মাজত জাহাজখনত জুইৰ সূত্ৰপাত হয়। প্ৰশাসনে কমেও ৩৬ টা মৃতদেহ উদ্ধাৰ কৰিছে। অধিক সংখ্যকৰে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে যদিও জীৱনৰ তাড়নাত নৈত জাপ দিয়াৰ ফলতো পানীত ডুব গৈ মৃত্যু ঘটে একাধিক জনৰ।
ইফালে আহত অৱস্থাত উদ্ধাৰ কৰা ২০০ৰো অধিক জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত দাপদাপিয়াত উপস্থিত হোৱাৰ সময়তে এম ভি অভিজন-১০ নামৰ জাহাজখনত এই অগ্নিকাণ্ড সংঘটিত হয়।
