বহিঃৰাজ্যত অসমীয়া যুৱতীৰ ৰহস্যজনক মৃ্ত্যু

301

উত্তৰাখণ্ডৰ মচুৰীৰ ধৰমশালাত এগৰাকী অসমীয়া যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে, কৰ্মসূত্ৰে দিল্লীত বাস কৰা অসমৰ শ্ৰদ্ধা বৰুৱা নামৰ যুৱতীগৰাকীৰ মচুৰীৰ ধৰমশালাৰ নৈত গা ধুবলৈ যোৱাৰ পিছতে মৃত্যু ঘটে।

দুলীয়াজানৰ নাওশলীয়াৰ বৰহোলা জুটুলীবাৰী গাঁৱৰ নিৱাসী উত্তম বৰুৱা কন্যা শ্ৰদ্ধাৰ মৃত্যুৰ বাতিৰয়ে শোকৰ সৃষ্টি কৰিছে অঞ্চলটোত।

এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে শ্ৰদ্ধাৰ পিতৃ তথা পৰিয়ালে।

আনহাতে আৰ্থিক অভাৱৰ বাবে শ্ৰদ্ধাৰ মৃতদেহ ঘৰলৈ ওভতাই আনিব পৰা নাই পৰিয়ালটোৱে।