ব’ল ব’ম যাত্ৰীৰ মৃত্যু

94

গোসাঁইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ সন্মুখত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু হয় ৫ জনকৈ ব’ল ব’ম যাত্ৰীৰ। বলেৰ’ পিক আপ ভানত গৈছিল ব’লব’ম যাত্ৰীকেইগৰাকী। উদণ্ড ট্ৰাক চালকে মহটিয়াই নিয়ে ৬ জনকৈ লোকক। ট্ৰাকৰ চেপাত থিতাতে নিহত হয় চাৰিজন আৰু দুজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। নিহতসকল ক্ৰমে গোসাঁইগাঁৱৰ ১ নং হাতীগড় গাঁৱৰ সুক্ৰমন ৰায় (২০), জয় ৰায় (১১), বাপ্পী ঘোষ (২১) আৰু বাসুদেৱ ৰায় (২২) বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত নৱ ঘোষ (২৬) আৰু বিনন ৰায় (২২)ক আৰক্ষীয়ে কচুগাওঁ‌ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসালয়ত নৱ ঘোষ (২৬)ৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।