বলীউদৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁৰ কন্যা আৰাধ্যা বচ্চন কৰ’নাত আক্ৰান্ত

83

ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বলীউদৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁৰ কন্যা আৰাধ্যা বচ্চন। কিছু সময়ৰ পূৰ্বে ঐশ্বৰ্য আৰু আৰাধ্যাৰ কৰ’না পৰীক্ষাৰ ৰিপৰ্ট আহিছ। মহাৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপেও অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যা কৰ’নাত আক্ৰান্ত বুলি জনাইছে। উল্লেখ্য শণিবাৰে নিশা কৰ’নাত আক্ৰান্ত হৈছিল মেগাষ্টাৰ অমিতাভ বচ্চন আৰু পুত্ৰ, অভিনেতা অভিষেক বচ্চন। সম্প্ৰতি দুয়োৰে মুম্বাইৰ নানাৱতী হাস্পতালত চিকিত্‍সা চলি আছে।