বলীউড ড্ৰাগছ কাণ্ডঃ অভিনেত্ৰী দীপিকাক আজি কৰা হ’ব সোধাপোছা

65

ডিজিটেল ডেস্কঃ বলীউড ড্ৰাগছ কাণ্ডৰ তদন্তত সহযোগ কৰিবলৈ মুম্বাইস্থিত নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ এছআইটি কাৰ্যালয়ত উপস্থিত হৈছে অভিনেত্ৰী দিপীকা পাডুকন। সুশান্ত সিং ৰাজপুৰত মৃত্যুকাণ্ডৰ সময়ত পোহৰলৈ অহা বলীউড ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাই পৰিছিল অভিনেত্ৰী দিপীকা পাডুকন, দিয়া মিৰ্জা, ৰকুল প্ৰীত কৌৰ, ছাৰা আলী খানৰ লগতে বহু কেইজনৰ।

ইফালে এনচিবিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন লাভ কৰাৰ পিছতে শনিবাৰে এনচিবি এছআইটিৰ কাৰ্যালয়ত উপস্থিত হয় দিপীকা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰে দীপিকাৰ মেনেজাৰকো সোধাপোছা কৰিছিল এনচিবিয়ে। খবৰ অনুসৰি, ড্ৰাগছ সৰবৰাহৰ অভিযোগত এনচিবিয়ে গ্ৰেপ্তাৰ কৰা নীৰজৰ সৈতে দিপীকাৰ মেনেজাৰৰ আছিল ঘণিষ্ঠ সম্পৰ্ক। আনহাতে অভিনেত্ৰীগৰাকীয়ে ড্ৰাগছ বিচাৰি বহু কেইজনক মেছেজ কৰিছিল বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।