বলীউডৰ ড্ৰাগকাণ্ড! এইবাৰ নাম সাঙোৰ খালে অভিনেত্ৰী দিয়া মিৰ্জাৰ

67

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত পোহৰলৈ আহিছিল বলীউডৰ ড্ৰাগছ চক্ৰৰ। তাৰ পিছতে বলীউডত ড্ৰাগছ সন্দৰ্ভত এনচিবিয়ে তদন্ত আৰম্ভ কৰে আৰু ইতিমধ্যে এই গোচৰত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, শৌভিক চক্ৰৱৰ্তীসহত ১৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে তদন্ত যিমানেই আগবাঢ়িছে সিমানেই বলীউডৰ ড্ৰাগছ ব্যৱহাৰকাৰীৰ তালিকাখন দীঘল হৈ গৈ আছে। এই তালিকা নাম সাঙোৰ খাই পৰিছে অভিনেত্ৰী ছাৰা আলী খান, ৰকুল প্ৰীত কৌৰ, শ্ৰদ্ধা কাপুৰ, দীপিকা পাডুকনৰো।

ইফালে শেহতীয়াকৈ বলীউডৰ ড্ৰাগছ যোগত নাম সাঙোৰ খাইছে অভিনেত্ৰী দিয়া মিৰ্জাৰ। এক সূত্ৰৰ খবৰ অনুসৰি এনচিবিয়ে এই সন্দৰ্ভত দিয়া মিৰ্জাক চমন জাৰি কৰাৰ প্ৰস্তুতি চলাইছে। সূত্ৰৰ খবৰ অনুসৰি, ড্ৰাগছ সৰবৰাহকাৰী অংকুশ আৰু অনুজ কেশৱানিক চলোৱা জেৰাৰ সময়ত পোহৰলৈ আহে দিয়া মিৰ্জাৰ নাম।

এনচিবিৰ সূত্ৰ অনুসৰি, দিয়া মিৰ্জাৰ মেনেজাৰ অনুজৰ প্ৰেমিকা হোৱাৰ সূত্ৰে ড্ৰাগছ সৰবৰাহ আৰু ব্যৱহাৰত অভিনেত্ৰীগৰাকীৰ নাম জড়িত হৈ পৰিছে। সূত্ৰৰ অনুসৰি ২০১৯ চনৰ পৰাই অনুজে প্ৰেমিকাৰ সহায়ত দিয়ালৈ ড্ৰাগছ প্ৰেৰণ কৰি আহিছিল। আনকি দিয়াৰ মেনেজাৰগৰাকীয়ে ড্ৰাগছ সৰবৰাহকাৰীক দুবাৰকৈ সাক্ষাৎ কৰা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।