বন্যহস্তীৰ পিছত এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে নগাওঁ জিলাৰ চামগুৰিৰ বৰদল অঞ্চলত

89

বন্যহস্তীৰ পিছত এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে নগাওঁ জিলাৰ চামগুৰিৰ বৰদল অঞ্চলত। দীৰ্ঘদিন ধৰি বৰদলৰ মিকিৰগাঁৱত এটা বাঘে গঞাঁ ৰাইজৰ কেইবাটাও পোহনীয়া গাহৰি-ছাগলী মাৰি তীব্ৰ আতংক চলাই অহাৰ পিছত যোৱা বৃহস্পতিবাৰে পথাৰত কাম কৰি থকাৰ অৱস্থাত বাঘটোৱে গাওঁ খনৰে নৰসিং ওৰাং আৰু ডেনিয়েল হ’ৰ্ নামৰ দুজন লোকক অতৰ্কিতে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাত চিকিৎসাধীন হ’ব লগীয়া হয় লোক দুজন। এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি গঞাঁ ৰাইজৰ মাজত পুনৰ বাঘৰ আতংক বৃদ্ধি পোৱাত বন বিভাগেও বৰদলবাসীক সুৰক্ষা প্ৰদানৰ বাবে দিনে-নিশাই অঞ্চলটোত তহল দিয়া পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতে বাঘটোৱে পুনৰ দুই-এক পশুধনক আক্ৰমণ কৰাৰ প্ৰমাণ প্ৰত্যক্ষ কৰি শেহতীয়াকৈ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে বৰদল মিকিৰগাঁৱৰ এখন বিশেষ হাবিত পাতিছে এটা লোৰ পিঞ্জিৰা। এটা ছাগলীক টোপ হিচাপে পিঞ্জিৰাটোত ভৰাই নিশাটোৰ বাবে এৰি থৈ অহা হৈছে সততে বাঘটোৱে বিচৰণ কৰা বুলি গঞাঁ ৰাইজে দাবী কৰা বিশেষ হাবি খনত। উগ্ৰ প্ৰকৃতিৰ বাঘটোৰ আক্ৰমণ তথা অনাকাংক্ষিত বিপদৰ পৰা গঞাঁ ৰাইজ ৰক্ষা পাবৰ বাবে নিশাটোৰ ভিতৰতেই বাঘটো পিঞ্জিৰাবদ্ধ হোৱাতো আশা কৰিছে কৰ্তব্যৰত বন বিভাগৰ লোক সকলে।