বন্দীত্বৰ অৱসান, শিৱসাগৰৰ পৰা জয়লাভ অখিল গগৈৰ

80

অৱশেষত মুক্তিৰ পথ প্ৰশস্ত হল কৃষক নেতা অখিল গগৈৰ। কটনৰ পৰা ৰাজপথেদি তেওঁ এতিয়া যাত্ৰা কৰিব দিছপুৰলৈ। শিৱসাগৰবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে অখিল গগৈ।

উল্লেখ্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহতে গ্ৰেপ্তাৰ হোৱা অখিল গগৈ কাৰাবন্দী অৱস্থাতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল শিৱসাগৰ সমষ্টিৰ পৰা। ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে আগবঢ়োৱা এই প্ৰতিদ্বন্দ্বিতা অসুস্থ শৰীৰেৰে প্ৰচাৰ চলাইছিল মাতৃ প্ৰেমদা গগৈ আৰু জ্যেষ্ঠ ভগ্নীয়ে। যাৰ বাবে আজি কাৰাৰুদ্ধ জীৱনৰ অৱসান ঘটিবলৈ গৈ আছে কৃষক নেতাগৰাকীৰ।

বিধানসভাত অখিল গগৈৰ উপস্থিতিয়ে এক শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ সমৰ্থকসকলে। মাতৃ প্ৰেমদা গগৈয়েও পুত্ৰৰ জয়ত আনন্দ ব্যক্ত কৰি শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। অখিল গগৈয়ে এখন সোণৰ অসম গঢ়িব লাগিব বুলিও দঢ়াই কয় মাতৃয়ে।