দেওবাৰে পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ অৱশেষত উদ্ধাৰ হল! অনাকাংক্ষিত ঘটনাটো সংঘটিত হোৱাৰ তিনিদিন পিছত ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ হাঁহচৰাত নৈৰ বুকুত উদ্ধাৰ হয় ৰক্তিম বৰুৱাৰ মৃতদেহ।
মৃতদেহটো পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। যাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখ্য যে দেওবাৰৰ বিয়লিৰ ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছৰে পৰা অভিযান চলাই গৈছিল SDRF বাহিনীয়ে। মঙলবাৰৰ দিনটোত NDRF বাহিনীও উপস্থিত হৈ চলাইছিল অভিযান।
