অসম আৰক্ষীয়ে শনিবাৰে নিশা কৰিমগঞ্জ জিলাত অভিযান চলাই প্ৰায় ১০৯ লাখ টকা মূল্যৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই বদৰপুৰৰ পৰা জব্দ কৰে য়াবা টেবলেটখিনি।
ইফালে আৰক্ষীৰ এই অভিযানৰ উমান পায়েই পলায়ন কৰিবলৈ সক্ষম হয় দিলৱাৰ হুছেইন নামৰ কুখ্যাত ড্ৰাগছ বেপাৰীজন।
বেগটোত য়াবা টেবলেট ভৰ্তি ১১০টা পেকেট আছিল।
জব্দ কৰা টেবলেটসমূহৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি সন্দেহ কৰা হৈছে।
