অসম আৰক্ষীৰ জোৱান তথা সুপৰিচিত বড়ো চলচ্চিত্ৰ অভিনেতা, কমেডিয়ান প্ৰজিত নাৰ্জাৰী ওৰফে টকলাইক বৃহস্পতিবাৰে এক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কোকৰাঝাৰ আৰক্ষী থানাত অভিনেতাজনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং ৫০১/২২ৰ অধীনত ৩৬৩ ভাৰতীয় দণ্ডবিধিৰ ধাৰা যোগ কৰি POCSO ৰ ৩৭০(I) iv/৩৭০ (A) (১), ৩৭৬ (৩) IPC r/w 6 ধাৰাত গ্ৰেপ্তাৰ কৰা হয় প্ৰজিত নাৰ্জাৰীক।
কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত যোৱা কেইমাহমান ধৰি পলাতক হৈ আছিল তেওঁ। যোৱা সন্ধিয়া তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত কোকৰাঝাৰৰ আদালতত হাজিৰ কৰোৱা হয়।