বটদ্ৰৱা কাণ্ডৰ চাৰ্জ শ্বিট দাখিল অসম আৰক্ষীৰ

305

চলিত বৰ্ষৰ ২১ মে’ত সংঘটিত হোৱা বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিকাণ্ডৰ গোচৰত অসম আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে।

নগাঁও আৰক্ষী অধীক্ষক লীনা ডলেয়ে জনোৱা মতে, শুকুৰবাৰে স্থানীয় আদালতত অভিযোগনামা দাখিল কৰা হৈছে।

ডলেয়ে কয় যে ৭৯ পৃষ্ঠাৰ অভিযোগনামাত মুঠ ২৪ জন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে, ইয়াৰে দুজন নাবালককে ধৰি ১২ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে জিলা আৰক্ষীয়ে বিচাৰৰ বাবে অনুৰোধ কৰিব বুলিও কয় আৰক্ষী অধীক্ষক গৰাকীয়ে।

এছ পি ডলেই জনোৱা মতে, গোচৰৰ প্ৰধান অভিযুক্ত আছিকুল ইছলামৰ পূৰ্বে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

বাকী ১১ জনৰ ভিতৰত ৯ জন বৰ্তমান নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আছে, আনহাতে দুজন নাবালকৰ এজন নগাঁও ৰাজ্যিক গৃহত আছে, আৰু আন এজন জামিনত বাহিৰত আছে।

আনহাতে, আন ১২ জন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।

এছ পি ডলেয়ে কয়, ‘আদালত অভিযোগনামা দাখিল কৰা হৈছে আৰু আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোচৰটোৰ বিচাৰৰ বাবে অনুৰোধ কৰিম।’