বটদ্ৰৱাৰ মোৱামাৰী মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

96

ডিজিটেল ডেস্ক: নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মোৱামাৰী মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে ।

লকডাউনৰ সময়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল তথা ধন আত্মসাত কৰে।

স্থানীয় একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিদ্যালয় প্ৰাংগনত উপস্থিত হৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আহবান জনাইছে।

স্থানীয় ৰাইজৰ অভিযোগ প্ৰধান শিক্ষক গৰাকীয়ে মধ্যাহ্ন ভোজনৰ বাবদ চৰকাৰী ভাবে আবণ্টিত হোৱা সম্পূৰ্ণ ধন আৰু বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়ন বাবে আবণ্টিত ধন আত্মসাৎ কৰিছে প্ৰধান শিক্ষকে।