বজালীত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

180

পুনৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে বজালীত। কালদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃৰ্ণ অঞ্চল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বজালী জিলাৰ অন্তৰ্গত কুৱৰা আৰু মেধিকুছি অঞ্চল পৰিদৰ্শন কৰি বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বানাআক্ৰান্ত লোকসকলৰ সৈতেও মত বিনিময় কৰি সকলো সম্ভৱপৰ সহায়ৰ আশ্বাস প্ৰদান কৰে।

পহুমাৰা মথাউৰি ভাঙি যোৱাৰ পিছত মেধিকুছিত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। বান বিধ্বংসী পৰিস্থিতিৰ পিছতে প্ৰায় ৩৫টা পৰিয়াল গৃহহীন হৈ পৰে।

৪২৫ নং মেধিকুছি আদর্শ প্রাথমিক বিদ্যালয় আৰু ভবানীপুৰস্থিত প্রাথমিক স্বাস্থ্য শিবিৰত থকা বান সাহায্য শিবিৰ পৰিদর্শন কৰে মুখ্যমন্ত্রী শর্মাই৷

তেওঁ কয় যে পহুমাৰা নদীৰ মথাউৰি শক্তিশালী কৰাৰ লগতে এটা উপযুক্ত পথ নিৰ্মাণৰ বাবে ৯ কোটি টকাৰ সাহায্য অনুমোদন কৰা হৈছে। লগতে ক্ষতিগ্ৰস্ত পথসমূহ পুনৰ নিৰ্মাণৰ বাবে সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

ভাবানীপুৰস্থিত চৰলপাৰা নয়াপাৰাত বান পৰিস্থিতিও পৰিদৰ্শন কৰি ৰাইজে সন্মুখীন হোৱা কষ্টৰ কথা লক্ষ্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

শৰ্মাৰ সৈতে উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।