পুনৰ এবাৰ মাতৃ হ’বলৈ ওলাইছে সীমা হায়দৰ। ভাৰতীয় যুৱক শচীনৰ প্ৰেমৰ পৰি যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল সীমা হায়দৰ। এতিয়া নতুন বছৰৰ আৰম্ভণিতে শচীন-সীমালৈ আহিছে ভাল খবৰ। এইবাৰ শচীনৰ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে পাকিস্তানী কন্যা সীমা। উল্লেখ্য যে, সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা তেওঁৰ চাৰিটা সন্তান আছে।
উল্লেখ্য যে, পাব-জি মোবাইল গেমৰ জৰিয়তে শচীনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল পাকিস্তানৰ সীমাৰ। ইয়াৰ পিছতে নেপাল হৈ প্ৰেমিক শচীনক লগ কৰিবলৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল তেওঁ। লগত লৈ আহিছিল পূৰ্বৰ স্বামীৰ ৪ সন্তানকো। উল্লেখ্য যে, সীমাৰ ডাঙৰজনী কন্যাৰ বয়স হৈছে ৮ বছৰ।
উল্লেখ্য যে যোৱা ৪ জুলাইত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত সীমাক গ্ৰেপ্তাৰ কৰা হৈছিল। জামিন পোৱাৰ পিছত শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। নতুন শহুৰেকৰ ঘৰত চাৰিটা সন্তানসহ এটা পৰিয়াল গঢ়ি তুলিছিল। কিন্তু সীমাৰ বিৰুদ্ধে তদন্ত এতিয়াও অব্যাহত আছে। তদন্তৰ সময়ত সীমাৰ পাছপ’ৰ্ট, পাকিস্তানী আইডি কাৰ্ড আৰু সন্তানৰ পাছপ’ৰ্টকে ধৰি কেইবাখনো নথি-পত্ৰ আৰক্ষীৰ হাতত পৰে। সেই সকলো তথ্য এ টি এছে পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰিছিল যাতে তেওঁ পাকিস্তানী নাগৰিক নেকি সেইটো পৰীক্ষা কৰিব পাৰে।
অৱশ্যে তদন্তৰ সময়ত সীমা হায়দৰৰ জীৱনলৈ এটা ভাল খবৰ আহিল। ২০২৪ বৰ্ষই তেওঁলোকৰ বৈবাহিক জীৱনত বহু সুখ কঢ়িয়াই আনিব বুলিও কয়। কাৰণ তেওঁ মাতৃ হ’বলৈ গৈ আছে। শচীনৰ সৈতে বিবাহৰ পিছত এইটোৱেই হ’ব পাকিস্তানী কন্যাৰ প্ৰথম সন্তান।