বঙাইগাঁৱৰ বইটামাৰীত ভয়ংকৰ ঘটনা

10

বঙাইগাঁৱৰ বইটামাৰীত চাঞ্চল্যকৰ ঘটনা। বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ কোৱাৰ্টাৰত উদ্ধাৰ হেমচন্দ্ৰ সৰকাৰৰ মৃতদেহ। স্বাস্থ্য বিভাগৰ MPW হিচাপে কৰ্মৰত আছিল হেমচন্দ্ৰ সৰকাৰ। ৰক্তাক্ত অৱস্থাত কোৱাৰ্টাৰৰ এটা কোঠাত উদ্ধাৰ মৃতদেহটো। বৰ্তমানলৈকে পোহৰলৈ অহা নাই লোকজনৰ মৃত্যুৰ ৰহস্য। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।