বঙাইগাঁও জিলাৰ মূলাগাঁও বজাৰত বুধবাৰে পুৱতিনিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত জাহ গল বজাৰখনৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।
ইফালে অগ্নিকাণ্ডৰ পিছত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পিছত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
