বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ফটো গেলাৰী মুকলি

104

৩২নং বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৯ মার্চত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ তথা প্ৰশিক্ষণ পৰিচালনা কক্ষ মুকলি কৰা হয়। কেন্দ্ৰটো মুকলি কৰে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াই।কেন্দ্ৰটোৰ ফিটা কাটি দ্বাৰ মুকলি কৰাত সহায়তা আগবঢ়ায় জীৱিকা সখীসকলে।

আনহাতে, উক্ত কেন্দ্ৰটোৰ লগতে এচভিইইপি (পদ্ধতিগত ভোটাৰসকলৰ শিক্ষা আৰু নির্বাচনী অংশগ্রহণ) কোষৰ অধীনত ইতিমধ্যে নিৰ্বাচন সম্পৰ্কীয় জিলাখনত কৰি অহা কাম-কাজৰ ওপৰত এখন ফটো গেলাৰীও বঙাইগাঁও জিলা নিৰ্বচনী বিষয়া তথা জিলা উপায়ুক্তগৰাকীয়ে মুকলি কৰে । এই দুয়োটা কাৰ্যসূচীতে জিলা উন্নয়ন আয়ুক্ত জে চিষ্টি, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন, অতিৰিক্ত উপায়ুক্ত ডাঃতাহিদুৰ ৰহমান, নিৰ্বাচনী বিষয়া বেণু মুছাহাৰী, বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মন, সহকাৰী আয়ুক্তসকল, বিভিন্ন চৰকাৰী বিষয়া -কৰ্মচাৰীসকলৰ উপৰিও জীৱিকা সখীসকল উপস্থিত থাকে।