বকোত শোকাবহ দুৰ্ঘটনা! আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন

250

বকোৰ আগছিয়াত বুধবাৰে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এজন লোকৰ।

জানিব পৰা মতে, AS01 MC 8674 নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছখনৰ খুন্দাত নিহত হয় লোকজন।

দুৰ্ঘটনাত নিহত লোকজনক বকোৰ খেনাপাৰৰ অমৃত ৰাভা (৫৫) বুলি চিনাক্ত কৰা হৈছে।

বাতৰি অনুসৰি, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে বাছখনে গৈ থকা সময়তে খুন্দা মাৰে লোকজনক।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত লৈ মৃত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।