ফ্ৰান্সত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ, ৫ জন নিহত

77

ডিজিটেল ডেস্কঃ ফ্ৰান্সত দুখন বিমানৰ মুখামুখি সংঘৰ্ষত নিহত মৃত্যু ৫ জনকৈ যাত্ৰীৰ। ফ্ৰান্সৰ অসামৰিক বিমান পৰিবহণ বিভাগে সদৰী কৰা মতে, শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হয় বিমান দুখন। জানিব পৰা মতে, ফ্ৰান্সৰ স্থানীয় সময়ানুসৰি বিয়লি ৪.৩০ বজাত ল’চেছ অঞ্চলৰ পৰা উৰা মাৰিছিল ডিএ৪০ নম্বৰৰ মাইক্ৰ’লাইট বিমানখন। ২গৰাকী যাত্ৰী কঢ়িয়াই নিয়া মাইক্ৰ’লাইট বিমানখনে কেইবা কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছতে আকাশমাৰ্গত অইন এখন টুৰিষ্ট বিমানৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

এই দুৰ্ঘটনাত দুয়োখন বিমানৰ মুঠ ৫ জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। পাইলটৰ নিয়ন্ত্ৰণহীনতাৰ বাবেই বিমান দুখন দুৰ্ঘটনাত পতিত হোৱা বুলি প্ৰকাশ কৰিছে ফ্ৰান্সৰ অসামৰিক বিমান পৰিবহণ বিভাগে।