ফেচবুক প্ৰেম! বিয়াৰ এসপ্তাহ পূৰ্বে ভাৱী পত্নীয়ে লুটি লৈ গ’ল সোণৰ অলংকাৰ, নগদ ধন

309

ফেচবুকত চিনাকি হৈ শিৱসাগৰৰ খনামুখৰ সোতৰহাবিৰ এগৰাকী যুৱতীৰ পৰিছিল গহপুৰৰ ডুবিয়াবৰী গাঁৱৰ জিতুল ৰাজখোৱা নামৰ যুৱকজনে। ডেৰ বছৰ ধৰি চলা ভালপোৱাৰ অন্তত কিছুদিন পূৰ্বে নিজৰ ঘৰলৈ পলুৱাই আনিছিল প্ৰণামী গগৈ নামৰ প্ৰেয়সীগৰাকীক। ঘৰত বিয়াৰ আয়োজন চলি থকাৰ সময়তে সংঘটিত হ’ল অঘটন।

জিতুল আৰু প্ৰণামীৰ বিয়াৰ দিন ঠিক কৰি কইনাৰ ডিঙি, হাত শুৱনি কৰিবলৈ গঢ়া হ’ল সোণৰ গহনা। ইটো সিটোকৈ সকলো যা-যোগাৰ সম্পন্ন কৰা হ’ল। বিয়ালৈ আৰু বেছিদিন নাই। অহা ৩১ জুলাই, অৰ্থাৎ দেওবাৰেই সমাজক সাক্ষী কৰি বিয়াত বহাৰ কথা আছিল জিতুল আৰু প্ৰণামীয়ে।

বিয়া বুলি আগতীয়াকৈয়ে জিতুলৰ ঘৰলৈ আহিছিল প্ৰণামীৰ ভগ্নীও। কিন্তু বিয়াৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে ঘটিল এক অঘটন। .যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিছে জিতুল আৰু পৰিয়ালে।

বিয়ালৈ মাজত আৰু এটা সপ্তাহ বাকী থকা সময়তে সোমবাৰে নিশা ঘৰৰ পৰা উধাও হ’ল জিতুলৰ হ’বলগীয়া পত্নী আৰু খুলশালী। লগত লৈ গ’ল বিয়ালৈ বুলি কিনি থোৱা পাট-মুগাৰ মেখেলা চাদৰ, গঢ়াই থোৱা সোণৰ গহনা আৰু নগদ ১৫ হাজাৰ টকাৰ লগতে এটা মোবাইল ফোন।

ডেৰ বছৰীয়া প্ৰেমৰ পৰিণাম এনেদৰে লাভ কৰি মূৰে-কপালে হাত দিছে জিতুল ৰাজখোৱাই। প্ৰেয়সীৰ পলায়নৰ পিছত এতিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে জিতুল আৰু তেওঁৰ পৰিয়ালে। প্ৰেমৰ জালত পেলাই এনেদৰে এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।