পৰ্যটকৰ বাবে সুখবৰ!কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যুদ্ধকালীন তৎপৰতা পৰিলক্ষিত হৈছে।কিয়নো অহা ১৫ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’ব পৰ্যটকৰ বাবে ৷ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ পৰ্যটকক আদৰিবলৈ প্ৰস্তুতি চলিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷পৰ্যটন বৰ্ষটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ বিভিন্ন অনুষ্ঠানৰ লগত আলোচনাত মিলিত হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ অৱশ্যে ১৫ অক্টোবৰত কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলৰ এটা অংশহে মুকলি কৰি দিব কৰ্তৃপক্ষই ৷কাৰণ বানৰ পাছত বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ অহা নাই ৰাষ্ট্ৰীয় উদ্যানখন ৷
