পৰিপূৰক আয়ৰ বাবে সাহায্য প্ৰদান: আৰণ্যক

294

বন্যপ্ৰাণীয়ে শস্যৰ ক্ষতিসাধন কৰা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি কাষৰীয়া গাঁৱৰ লোকক আয়ৰ পৰিপূৰক হিচাপে বিকল্প শস্য বাছি লোৱাত সহায় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত ধনীয়া গাৱঁৰ চল্লিশ গৰাকী হিতাধিকাৰীক নেমু আৰু তামোলৰ পুলিৰ লগতে হাতী বনৰ (নেপিয়াৰ গ্ৰাছ) মুঢ়া আৰু কেছুসাৰৰ আধাৰ প্ৰদান কৰা হয় ।

ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যন (আই আৰ এফ)ৰ সহযোগত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক (www.aaranyak.org) আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলে শেহতীয়াকৈ এই সাহায্য আগবঢ়ায় ।

বন্যপ্ৰাণী অভয়াৰণ্যখনৰ কাষতে বাস কৰা এই গাঁৱৰ লোকসকলৰ শস্যবোৰ অভয়াৰণ্যখনৰ পৰা সঘনে ওলাই অহা বন্যপ্ৰাণীয়ে প্ৰায়ে ক্ষতিসাধন কৰে । গাঁৱবাসীৰো তেওঁলোকৰ পশুবোৰক চৰোৱাৰ বাবে অভয়াৰণ্যখনৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা থাকে।

গাঁওবাসীক এই সামগ্ৰীকেইবিধ গতাই দিয়া কাৰ্যৰ সমন্বয়ক আৰণ্যকৰ বিষয়া আৰিফ হুছেইনে কয় যে, নিৰ্বাচিত গাঁওবাসীসকলক নেমুৰ পুলি প্ৰদান কৰা হৈছে যাতে অভয়াৰণ্যখনৰ পৰা ওলাই অহা জীৱ-জন্তুৰ প্ৰৱেশত বাধা দিব পৰাকৈ তেওঁলোকে নিজৰ ঘৰৰ চাৰিওফালে জৈৱ বেৰা গঢ়ি তুলিব পাৰে ।
“জৈৱ বেৰাৰ পৰীক্ষামূলক প্ৰকল্প হিচাপে আমি ইয়াক গ্ৰহণ কৰিছো; আনহাতে তামোলৰ পুলিবোৰ হৈছে হিতাধিকাৰীসকলক আগন্তুক দীৰ্ঘদিনলৈ অৰ্থনৈতিকভাৱে লাভান্বিত কৰিব পৰা এককালীন বিনিয়োগ । বন্যপ্ৰাণীয়ে সাধাৰণতে তামোল গছৰ ক্ষতিসাধন নকৰে,” আৰণ্যকৰ বিষয়াজনে কয় ।

হিতাধিকাৰীসকলক হাতী বনৰ মুঢ়া প্ৰদান কৰা হৈছে যাতে তেওঁলোকে গৰু-ম’হৰ বাবে পুষ্টি পৰিপূৰক খাদ্য হিচাপে ইয়াৰ খেতি কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ পোহনীয়া গৰু-ম’হক চৰিবলৈ অভয়াৰণ্যৰ ভিতৰলৈ পঠোৱাৰ প্ৰয়োজন নোহোৱা হ’ব।

কেছুসাৰ আধাৰে হিতাধিকাৰীসকলক গৰুৰ গোবৰকে ধৰি সহজলভ্য সামগ্ৰীৰ ব্যৱহাৰ কৰি জৈৱিক সাৰ উৎপাদন কৰাত সহায় কৰিব। পৰৱৰ্তী সময়ত তেওঁলোকে হয়তো এই পদ্ধতিৰ সহায়ত বহনক্ষম অৰ্থনৈতিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব আৰু অন্য গাঁওবাসীয়েও ইয়াক অনুকৰণ কৰিব ।

বিগত ২৫ জুলাইত গাঁওবাসীক এই সামগ্ৰীবোৰ প্ৰদান কৰাৰ উপলক্ষ্যে আয়োজিত অনুষ্ঠানত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ধনীয়া ৰেঞ্জৰ বিষয়াসকল উপস্থিত থাকে।