প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এগৰাকী ছাত্ৰীক ছুৰীকাঘাত কৰি নৃশংসভাৱে হত্যা যুৱকৰ।

66

সোমবাৰে বাংগালুৰুৰ প্ৰেচিডেন্সি ইউনিভাৰ্চিটি কলেজৰ চৌহদত সংঘটিত হয় এই ঘটনা।

১৯ বৰ্ষীয় বি.টেকৰ ছাত্ৰী লায়স্মিতাক ছুৰীকাঘাত কৰি হত্যা এজন যুৱকৰ।

আৰক্ষীয়ে জনোৱা মতে, পৱন কল্যাণ নামৰ অভিযুক্তজনে লায়স্মিতাক প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ পিছতে আক্ৰমণ কৰে।

লায়স্মিতাক আক্ৰমণ কৰি আত্মহত্যাৰ চেষ্টা চলায় কল্যানে।

তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে লায়স্মিতাৰ আঘাতত মৃত্যু হৈছে।