প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই গুৱাহাটীত সংঘটিত হৈছে নাৰকীয় হত্যাকাণ্ড। বাতৰি অনুসৰি, বুধবাৰে মহানগৰীৰ সমীপৰ যোৰাবাটত সংঘটিত হয় এই নাৰকীয় হত্যাকাণ্ড।
জানিব পৰা মতে, আমচিং যোৰাবাটৰ শান্তি বস্তিৰ বাসিন্দা সঞ্জয় লালুং নামৰ যুৱকজনে এগৰাকী যুৱতীক দীৰ্ঘদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু মৰমী তাঁতী নামৰ যুৱতীগৰাকীয়ে স্বীকাৰ কৰা নাছিল সেই প্ৰস্তাৱ।
তাৰ পৰিণতিতে বুধবাৰে ঘৰলৈ গৈ থকা সময়ত গাড়ীৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনি মাতৃৰ সন্মুখতে পাষণ্ড যুৱকজনে দাৰে ঘপিয়াই হত্যা কৰে যুৱতীগৰাকীক।
ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে পাষণ্ড প্ৰেমিক সঞ্জয় লালুঙে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
