প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মাজ ৰাস্তাত দুৰ্বৃত্তৰ ভয় ভাবুকি মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰীক

119

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ বাট আগুচি ধৰি নিৰ্যাতনৰ চেষ্টা দুৰ্বৃত্তৰ। ঘটনাক লৈ সমগ্ৰ মায়ং অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে শুকুৰবাৰে কলেজৰ পৰা উভতি অহাৰ পথত ছাত্ৰীগৰাকীক আধা বাটত ৰখাই দুৰ্বৃত্তৰ দলটোৱে ভয়-ভাবুকি প্ৰদান কৰে। ছাত্ৰীগৰাকীৰ স্কুটিখনো ভাগি পেলায় দুৰ্বৃত্তই। ইফালে স্থানীয় লোকৰ তৎপৰতাত ছাত্ৰী গৰাকী ৰক্ষা পৰে যদিও দুৰ্বৃত্ত কেইজন পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সোধা-পোছাত ছাত্ৰীগৰাকী আৰু অভিভাৱকে পূৰ্বেও এনে ঘটনা সংঘটিত হোৱাৰ দাবী কৰে। দুৰ্বৃত্তৰ দলটোৰ হাতত পিষ্টল থকা বুলি জানিবলৈ দিয়ে ছাত্ৰীগৰাকীয়ে। তেওঁৰ অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে এচিড ঢালি দিয়াৰ ভাবুকি দিছিল আৰু অপহৰণৰ চেষ্টা কৰিছিল।

এই ঘটনাত মায়ং থানাৰ অন্তৰ্গত খলাভূঞা গাঁৱৰ তাজামুল হুছেইন আৰু চাদ্দাম হুছেইন নামৰ যুৱক দুজন জড়িত থকাৰ অভিযোগ তুলিছে ছাত্ৰীগৰকীৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।