প্ৰেমত ব্যৰ্থ হৈ যুৱকে আত্মহত্যা কৰিলে প্ৰেমিকাৰ বিৰুদ্ধে ৰুজু কৰিব নোৱাৰি গোচৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়…

265

কোনো প্ৰেমিকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহননৰ পথ বাছি লয়, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত সহযোগ কৰাৰ গোচৰ ৰুজু কৰিব নোৱাৰিব। শেহতীয়া এটা গোচৰৰ পৰিপ্ৰেক্ষিতত ছত্তীশগড় উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়াধীশ পাৰ্থপ্ৰতীম সৌৰ একক বিচাৰপীঠে কয়, “কোনো পৰীক্ষাত বেয়া ফলাফলৰ বাবে যদি কোনো শিক্ষা্ৰ্থীয়ে আত্মহত্যা কৰে, তেন্তে গোচৰ খাৰিজ কৰা হয়। তাৰ বাবে শিক্ষাৰ্থীজনৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰি।” সেই তুলনা কৰি আদালতে কয় যে এজন যুৱকে যদি প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰে, তেন্তে প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ গোচৰ ৰুজু কৰিব নোৱাৰি।

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত ছত্তীশগড়ৰ এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয়। তদন্তই তিনিজন ব্যক্তিৰ ফালে সন্দেহৰ আঙুলি টোঁৱায়। এগৰাকী ২৪ বছৰীয়া যুৱতী আৰু তেওঁৰ দুই ভাতৃৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ আত্মহত্যাৰ পিছত গোচৰ ৰুজু কৰা হয়। সেই তিনিজন লোকৰ বাবে তেওঁলোকৰ পুত্ৰ মানসিক চাপত থকা বুলি মৃতকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। তাৰ পৰাই তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত ল’লে। আৰক্ষীয়ে উদ্ধাৰ কৰে এখন দুপৃষ্ঠাৰ চিঠি। ইয়াক ‘চুইচাইড নোট’ বুলি গণ্য কৰা হয়। ইয়াত যুৱকজনে লিখিছে যে প্ৰেমিকাই আঠ বছৰৰ সম্পৰ্ক ভাঙি আন এজন পুৰুষক বিয়া কৰাইছে। তাৰ পিছতো প্ৰাক্তন প্ৰেমিকাৰ দুই ভাতৃয়ে তেওঁক বিভিন্ন ধৰণে ভাবুকি দিছিল। এই হেঁচা সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা কৰিবলৈ বাছি লয়।

মৃত যুৱকজনৰ ককায়েকে ৰাজনান্দগাঁও থানাত এজাহাৰ দাখিল কৰে। কাকতলীয়াকৈ ক’ব পাৰি যে নিম্ন আদালতে আত্মহত্যাত সহায় কৰাকে ধৰি একাধিক অভিযোগত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে তিনিওজন অভিযুক্ত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়াধীশ সৌৰে পৰ্যবেক্ষণ কৰিলে যে ভাবুকিৰ অভিযোগৰ কোনো প্ৰমাণ পোৱা নাযায়। অৱশেষত তেওঁ গোচৰ খাৰিজ কৰিবলৈ নিৰ্দেশ দিলে।