প্ৰেমত ফুলিছে…! ভাৰত ফুৰিবলৈ আহি অটো চালকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল বেলজিয়ামৰ তৰুণী…

214

নিউজ ডেস্কঃ প্ৰেমে নামানে ভৌগলিক দূৰত্ব। তাকেই যেন প্ৰমাণ কৰিলে বেলজিয়ামৰ এগৰাকী যুৱতী। ভাৰতলৈ ফুৰিবলৈ আহি এগৰাকী অটো চালকৰ সৈতে বিয়াত বহিল বেলজিয়ামৰ কেমিল নামৰ যুৱতীগৰাকীয়ে।

পেছাত অটো চালক কৰ্ণাটকৰ বিজয়নগৰৰ অনন্তৰাজুৰ সৈতে যোৱা ২৫ নৱেম্বৰত হিন্দু ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হয় কেমিল।

জানিব পৰা মতে, কৰ্ণাটকৰ অনন্তৰাজুৱে অটো ড্ৰাইভাৰ হিচাপে কাম কৰাৰ উপৰিও ট্যুৰ গাইড হিচাপেও কাম কৰি আহিছে। কেমিলৰ সৈতে তেওঁৰ প্ৰথম কথা-বতৰা হৈছিল ২০১৯ চনত। সেই সময়ত তেওঁ ভাৰতলৈ আহিছিল। বিদেশীজনৰ ট্যুৰ গাইড আছিল কৰ্ণাটকৰ এইজন যুৱক। কেমিল পেছাত এগৰাকী সমাজকৰ্মী। কৰ্ণাটকত থকা সময়ছোৱাত অনন্তৰাজুৰ পৰিয়ালে বিভিন্ন ধৰণে সহায় কৰিছিল। আৰু এই আতিথ্যই বিদেশী কেমিলৰ হৃদয় স্পৰ্শ কৰে। কিছুদিন ভাৰতত থাকি কেমিলে নিজৰ দেশলৈ উভতি যায় যদিও ভাৰতীয় এই যুৱকজনক মনৰ পৰা মচি পেলাব নোৱাৰিলে।

ইয়াৰ পিছত কেমিলে ছ’চিয়েল মিডিয়াত অনন্তৰাজুৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছত আৰম্ভ হয় তেওঁলোকৰ প্ৰেমৰ যাত্ৰা। লাহে লাহে এই ভালপোৱা গাঢ় হৈ পৰাত দুয়োৰে পৰিয়ালৰ সন্মতিত শুকুৰবাৰে যুগ্ম জীৱনৰ পাতনি মেলে অনন্তৰাজু আৰু কেমিলে।

কেমিলে কয় যে, ২০১৯ চনত এই ভাৰতীয় যুৱকজনক দেখি তেওঁৰ ভাল লাগিছিল। ভাৰত ভ্ৰমণৰ সময়ত তেওঁ নিজৰ থকাৰ ব্যৱস্থা আৰু খাদ্য, সুবিধা আৰু অসুবিধাৰ যত্ন লৈছিল। কেমিলে সেই সময়ত ভাৰত এৰিব লগা হৈছিল। ভিছাৰ ম্যাদ যাতে উকলি নাযায় তাৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। কিন্তু, তেওঁ অনন্তৰাজুক প্ৰতিশ্ৰুতি দিছিল, তেওঁ ঘূৰি আহিব।

অনন্তৰাজুৱে কয়, “যোৱা বছৰ আমি বিয়া হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু, ক’ৰ’নাৰ বাবেই সেয়া নহ’ল। অৱশেষত আমি বিয়া পাতিলোঁ। হিন্দু নিয়ম অনুসৰি বিয়া পাতিলোঁ। আমাৰ ৪০ জন আত্মীয় আছিল, তেওঁৰ বন্ধুসকলো আহিছিল।”