ভয়ংকৰ পৰিস্থিতিত প্ৰাণ হেৰুওৱা অইলৰ দুই কৰ্মচাৰীৰ প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰতে আৰ্থিক সাহায্য প্ৰদান কৰিব অইল কৰ্তৃপক্ষই। এই ঘোষণা কৰিছে অইলৰ মুখ্য পৰিচালন সঞ্চালকে। পৰিয়ালৰ যোগ্য় ব্যক্তিক অইলত নিযুক্তি দিয়াৰো প্ৰতিশ্ৰুতি অইল কৰ্তৃপক্ষৰ। আনহাতে জুই নিৰ্বাপণ প্ৰক্ৰিয়া চলিব অনাগত চাৰি-পাঁচদিনলৈ। বৃহৎ বৃহৎ পুখুৰী খান্দি প্ৰণালীবদ্ধভাৱে অগ্নিনিৰ্বাপণৰ প্ৰক্ৰিয়া চলাব অইলে।
