প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰ্যটন পৰিচালনা বিভাগৰ উদ্যোগত অনলাইন লিখনি প্ৰতিযোগিতা :

55

:

ষ্টাফ ৰিপোৰ্টাৰ : ক’ৰনা ভাইৰাছৰ এই সময়চোৱাত ল’কডাউন তথা সামাজিক দূৰত্ব মানি চলাই ইয়াৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায়। ল’কডাউনৰ এই সময়চোৱাত শিক্ষাৰ্থীসকলৰ ব্যাপক ‌ক্ষতি‌ হৈছে যদিও সংশ্লিষ্ট বিভাগ সমূহৰ দ্বাৰা বিভিন্ন মাধ্যমেৰে শিক্ষা দিবলৈ চেষ্টা কৰা দেখা গৈছে।
ল’কডাউনৰ এই সময়খিনিতেই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰ্যটন পৰিচালনা বিভাগৰ ফালৰ পৰা পৰ্যটন বিষয়টোৰ ওপৰত ‌অধ্যয়ণৰত শিক্ষাৰ্থীসকলৰ মাজত অনলাইন লিখনি প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।
প্ৰতিযোগিতাৰ বিষয়বস্তু হ’ল – “কোভিড১৯ ৰ‌ পিছৰ পৰ্যায়ত পৰ্যটন উদ্যোগটোক পুনৰ শক্তিশালী কৰি তুলিব পৰা ৫টা সম্ভাব্য কৌশল বৰ্ণনা কৰা “। লিখনি সমূহ অসমীয়া অথবা ইংৰাজী মাধ্যমত ১৫০০ শব্দৰ ভিতৰত ৱৰ্ড ফৰ্মেট অথবা হাতে লিখা স্কেন ক’পি tourismmanagement@pragjyotishcollege.ac.in ত পঠাব পাৰে। লিখনি জমা দিয়া শেষ তাৰিখ ৩০ মে’ ,‌ লিখনিৰ লগত মহাবিদ্যালয়ৰ পৰিচয় পত্ৰখন স্কেন কৰি পঠিয়াই দিয়ে যেন । যোগেও নিজৰ লিখনি পঠাব পাৰে বুলি প্ৰাগজ্যোতিষ মহাবিদ্যালয়
স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিক,
পংকজ ডেকাই এক বিবৃতি যোগে জনাইছে।